Skip Navigation

DVD Ilustrado Multilíngue

The Biology of Prenatal Development




প্রাকজন্ম বিকাশৰ জীবন-বিজ্ঞান

.অস [Assamese]


 

Baixar Versão em PDF  O Que é PDF?
 

O Período Embrionário (As Primeiras 8 Semanas)

Desenvolvimento Embrionário: As Primeiras 4 Semanas

Capítulo 3   Fertilização

জীৱ বিজ্ঞানৰ ফালৰ পৰা কবলৈ গলে "মানৱৰ বিকাশ গর্ভধাৰণৰ পৰা আৰম্ভ হয়," যেতিয়া এগৰাকী নাৰী আৰু এজন পুৰুষে পুনৰুত্‍পাদী কোষৰ সম্বন্ধৰ দ্বাৰা প্রত্যেকে নিজৰ ২৩ তাকৈ ক্রমোজমৰ মিলন সংঘটিত কৰে।

সাধাৰণতে এগৰাকী নাৰীৰ পুনৰুত্‍পাদী কোষক এক "ডিম্ব" বুলি কোৱা হয় কিন্তু শুদ্ধ শব্দ হৈছে ওকাইট।

তেনেদৰে, এজন পুৰুষৰ পুনৰুত্‍পাদীকোষক সর্বসাধাৰণতে 'বীর্য্য" বুলি জনা যায় কিন্তু শুক্রাণু(স্পার্মাটোজুন) বেচি অর্থবহ।

ওভুলেশ্বন নামৰ প্রক্রিয়াৰ দ্বাৰা নাৰীৰ ডিম্বাশয়ৰ পৰা এটা ওকাইট নির্গত হোৱাৰ পিচত জৰায়ু মধ্যস্থ এক নলীত, যাক প্রায়েফোলোপিয়ান টিউব নামেৰে জনা যায়, ওকাইট আৰু শুক্রাণুৰ এমাহৰ ভিতৰত মিলন হয়।

এগৰাকী নাৰীৰ ডিম্বাশয় জৰায়ু মধ্যস্থ নলীয়ে জৰায়ু বা গর্ভৰ লগত সংযোগ কৰে।

তাৰ ফলস্বৰূপে গঠন হোৱা এক কোষী ভ্রূণক জাইগোট বুলি কোৱা হয়, যাৰ অর্থ হৈছে "যুঁৱলি লগোৱা বা সংযোগ কৰা।"

Capítulo 4   DNA, divisão celular e Fator Inicial da Gravidez (EPF)

জাইগোটৰ ৪৬ টা ক্রোমোজমে এক সম্পূর্ণ জেনেটিক চানেকিৰে সৈতে এক নতুন ব্যক্তিত্বৰ এটি অভিনব প্রথম সংস্কৰণ ৰূপে অঙ্কিতকৰে। এই মুখ্য আচনিখন ডি এন এ নামৰ কুণ্ডলী বান্ধি থকা অণুৰ মাজত থাকে। ইয়াত সম্পূর্ণ শৰীৰৰ বিকাশৰ বাবে আবশ্যক আদেশবোৰ অন্তর্ভুক্তথাকে।

ডি এন এ অণুবোৰ দেখিবলৈ এখন পাঁকখোৱা জখলাৰ দৰে যাক ডাবল হেলিক্স নামেৰে জনা যায়। জখলাৰ ধাপবোৰ গোৱানিন, চাইটোচিন এডেনিন আৰু থাইমিন নামৰ একোযোৰ যুৰীয়া অণু বা আধাৰৰ দ্বাৰা গঠিত।

গোৱানিন কেবল চাইটোচিনৰ লগতহে যোৰ খায়, আৰু এডেনিনৰ লগত থাইমিনৰ। প্রত্যেক মানৱ কোষত প্রায় ৩০০ কোটি মান আধাৰৰ এনেকুৱা যোৰা থাকে।

এটা কোষৰ ডি এন এ-ত ইমানেই তথ্য অন্তর্ভুক্ত হৈ আছে যে যদি প্রত্যেক আধাৰৰ প্রথম আখৰৰে আৰম্ভ কৰি চপা কৰিবলৈ লোৱা হয় তেন্তে ১৫ লাখতকৈ বেচি পৃষ্ঠাৰ তথ্য চপা হৈ ওলাব!

যদি এটা মুৰৰ লগত আনটো মুৰ লগ লগাই জোখা হয়, এটা মানব কোষৰ ডি এন এ-ৰ দৈর্ঘ্য৩ ৩/৩ ফুটৰ বা ১ মিটাৰ হয়।

যদি আমি এজন প্রাপ্তবয়স্কৰ ১০০X১০,০০০৩ লাখ কোষৰ ডি এন এ-ৰ আটাইবোৰ কুণ্ডলি খুলি দিব পাৰো তেন্তে এইবোৰ ৬৩০০ কোটি মাইলতকৈও বেচি প্রসাৰিত হব। এই দুৰত্ব পৃথিবীৰ পৰা সুর্য্যৰ দুৰত্বৰ ৩৪০ গূণ।

গর্ভসঞ্চাৰৰ প্রায় ২৪-ৰ পৰা ৩০ ঘণ্টাৰ পিচত, জাইগোটৰ প্রথম বিভাজন সম্পূর্ণ হয়। মাইটোচিচ(কোষ-বিভাজন) প্রক্রিয়াৰ দ্বাৰা এটা কোষ দুটাত বিভক্ত হয়, দুটা চাৰিটাত, আৰু এনেদৰে চলি থাকে।

গর্ভসঞ্চাৰ আৰম্ভ হোৱাৰ ২৪-ৰ পৰা ৪৮ ঘণ্টা নৌহওতেই, মাতৃৰ তেজত "আগতীয়া গর্ভাৱস্থা গূণক" নামৰ হৰমোন বিচাৰি উলিয়াই গর্ভাৱস্থা নিশ্চিত কৰিব পাৰি।

Capítulo 5   Estágios Iniciais (Mórula e Blastocisto) e Células Tronco

গর্ভসঞ্চাৰৰ ৩-ৰ পৰা ৪ দিনৰ পিচত ভ্রূণৰ বিভক্ত হোৱা কোষবোৰে গোলাকাৰ আকৃতি গ্রহণ কৰে আৰু ভ্রূণক তেতিয়া মোৰুলা(morula) বোলা হয়।

৪-ৰ পৰা ৫ দিনৰ ভিতৰত, কোষৰ এই গোলাৰ মাজত এটি ফাটল সৃষ্টি হয় আৰু ভ্রূণক তেতিয়া ব্লাস্টোচিষ্ট (blastocyst_ বুলি কোৱা হয়।

ব্লাস্টোচিষ্টৰ ভিতৰত থকা কোষবোৰক অন্তৰস্থ কোষ ভৰ বুলি কোৱা হয় আৰু ই মূৰ, শৰীৰ আৰু বিকশিত মানবৰ বাবে অত্যাৱশকীয় অঙ্গসমুহ সৃষ্টি কৰে।

মানুহৰ শৰীৰত থকা ২০০-ৰো অধিক প্রকাৰৰকোষ সৃষ্টি কৰাৰ ক্ষমতা থকাৰ বাবে অন্তৰস্থ কোষ বোৰৰ ভিতৰত থকা কোষক ভ্রূণসংক্রান্তঠাৰি কোষ বোলা হয়।

Capítulo 6   1 a 1½ Semanas: Implantação e Gonadotrofina Coriônica Humana (hCG)

জৰায়ুমধ্যস্থ নলীয়েদি গতি কৰাৰ পিচত ভ্রূণৰ আগতীয়া ৰূপে মাতৃ জৰায়ুৰ ভিতৰৰ দেৱালত পোত খায় ধৰে। অধিৰোপন(implantation) নামৰ এই প্রক্রিয়া গর্ভসঞ্চাৰৰ ৬ দিনৰ পিচত আৰম্ভ হয় আৰু ১০-ৰ পৰা ১২ দিনৰ পিচত অন্ত হয়।

বৃদ্ধি হোৱা ভ্রূণৰ কোষবোৰে মানব কৰিওনিক গোনাদোট্রপিন বা hCG নামৰ হৰমোন সৃষ্টি কৰিবলৈ আৰম্ভ কৰে, যিটো পদার্থ প্রায়বোৰ গর্ভধাৰণ পৰীক্ষাত ধৰা পৰে।

HCG-এ মাটেমেল হৰমোনক সাধাৰণ মাহেকীয়া চক্রত ব্যঘাত জন্মাবলৈ নির্দেশ দি গর্ভধাৰণ আগবঢাবলৈ অনুমতি দিয়ে।

Capítulo 7   A Placenta e o Cordão Umbilical

অধিৰোপণৰ পিচত, ব্লাস্টোচিষ্টৰ ওচৰে পাঁজৰে থকা কোষবোৰে প্লাচেন্টা(গর্ভৰ ফুল) নামৰ এক গাঁথনিৰ সৃষ্টি কৰে যিয়ে মাতৃ আৰু ভ্রূণসংক্রান্ত সঞ্চালন প্রণালীৰ মাজৰ এক অন্তবর্তী পৃষ্ঠ ৰূপে কাম কৰে।

গর্ভফুলে মাকৰ পৰা অক্সিজেন, খাদ্য হৰমোন, ঔষধ বাঢ়ি অহা মানৱলৈ যোগান ধৰে; সকলোবোৰ মল আতৰায় দিয়ে; আৰু মাকৰ তেজ ভ্রূণ আৰু গর্ভৰ তেজৰ লগত মিলিত হোৱাত বাধা দিয়ে।

গর্ভফুলে হৰমোনউত্‍পাদন কৰে আৰু মাকৰ তাপমানতকৈ ভ্রূণ আৰু গর্ভৰ তাপমান অলপমান বেচিকৈ ৰাখে।

বাঢ়ি অহা মানবৰ লগত নাভী সংলগ্ন নাড়ীৰ মাধ্যমেৰে গর্ভফুলে সংযোগ স্থাপন কৰে।

গর্ভফুলৰ জীবন প্রতিপালন কৰাৰ ক্ষমতা আধুনিক চিকিত্সালয়ত দেখিবলৈ পোৱা অবিশ্রান্ত যত্ন একক(intensive care unit)-ৰ লগত তুলনা কৰিব পাৰি।

Capítulo 8   Nutrição e Proteção

১ সপ্তাহৰ ভিতৰতে অভ্যন্তৰ কোষ ভৰৰ কোষবোৰে হাইপোব্লাস্ট আৰু এপিব্লাস্ট নামৰ দুটা স্তৰ সৃষ্টি কৰে।

হাইপোব্লাস্টে কুহুমৰ মোনাৰ সৃষ্টি কৰে যাৰ মাজেৰে মাতৃয়ে ভ্রূণৰ আগতীয়া অৱস্থাত খাদ্য যোগান ধৰে।

এপিব্লাস্টৰ কোষবোৰে এমনিয়ন নামৰ এক পাতল পর্দাৰ সৃষ্টি কৰে যাৰ ভিতৰত জন্ম নোহোৱালৈকে ভ্রূণ আৰু পাচত গর্ভৰ বিকাশ হয়।

Capítulo 9   2 a 4 Semanas: Camadas Germinativas e Formação de Órgãos

প্রায় ২ ১/২ সপ্তাহমানৰ পাচত এপিব্লাস্টে ৩টা বিশেষ ধৰণৰ পাতল কোষ-ছাল বা এক্টোডার্ম, এন্ডোডার্ম আৰু মেচোডার্ম নামৰ পাতল কোষ-ছাল গঠন কৰে।

এক্টোডার্মে অসংখ্য অঙ্গ-প্রত্যঙ্গ যেনেদৰে মস্তিষ্ক মেৰুদণ্ড স্নায়ু ছাল নখ আৰু চুলি ইত্যাদি সৃষ্টি কৰে।

এক্টোডার্মে শ্বাস-নিশ্বাস প্রণালী আৰু হজমী নলীৰ বাহিৰৰ আবৰণ গঠণ কৰে আৰু প্রধান অঙ্গবোৰ যেনেদৰে কলিজা আৰু গঠন কৰে।

মেচোডার্মে হৃদয়, মূত্রাশয়, হাড়, কোমলাস্থি, মাংসপেশী, তেজৰ কণিকা, আৰু অন্য গাঁথনিবোৰ গঠন কৰে।

৩ সপ্তাহ হওতে মস্তিষ্ক ৩টা প্রাথমিক ভাগত বিভক্ত হয় যিবোৰৰ নাম পূর্বমস্তিষ্ক, মধ্যমস্তিষ্ক, আৰু পশ্চাদ্স্তিষ্ক।

শ্বাস-নিশ্বাস প্রণালী আৰু পাচনতন্ত্রৰ বিকাশো লগতে চলি থাকে।

যেতিয়া তেজৰ প্রথম কণিকাবোৰ কুহুম মোনাত দেখা দিয়ে, সম্পূর্ণ ভ্রূণত তেজৰ নলাবোৰ গঠন হয়, আৰু নলাকৃতিৰ হৃদয়খন প্রকাশ পায়।

প্রায় লগেলগে, দ্রুতভাবে বৃদ্ধি পোৱাহৃদয়খন নিজৰ ওপৰতে বেলেগ বেলেগ কোঠালীত ভাঁজ খাই বিকাশ হবলৈ ধৰে।

গর্ভসঞ্চাৰৰ ৩ সপ্তাহ আৰু এদিনৰ পাচত হৃদয়খন ধপধপাবলৈ আৰম্ভ কৰে।

ৰক্ত সঞ্চালন প্রণালীয়েই শৰীৰৰ প্রণালী বা সম্পর্কীয় অঙ্গবোৰৰ সমষ্টি যি প্রথমে কাম কৰিব পৰা স্থিতি লাভ কৰে।

Capítulo 10   3 a 4 Semanas: O Dobramento do Embrião

৩ আৰু ৪ সপ্তাহৰ ভিতৰত শৰীৰৰ নক্সা প্রকাশ হয় যেতিয়া ভ্রূণৰ মস্তিষ্ক, মেৰুদণ্ড, আৰু হৃদয়খন কুহুম মোনাৰ কাষত সহজতে চিনাক্ত কৰিব পাৰি।

খৰতকীয়া বিকাশৰ ফলত আপেক্ষিক ভাবে সমতল ভ্রূণত ভাজ লাগি যায়। এই প্রক্রিয়ায় পাচনতন্ত্রৰ চামনিখনৰ ভিতৰত কুহুমৰ মোনাখন সংলগ্ন কৰে আৰু বিকাশিত মানবৰ বুকু আৰু পেটৰ গর্ত গঠন কৰে।