| |
Capítulo 41 4 a 5 Meses (16 a 20 Semanas): Resposta ao Estresse, Verniz Caseoso, Ritmos Circadianos
|
| |
| ১৬ সপ্তাহমানৰ ভিতৰত ভ্রুণৰ তপিনাত এটা
বেজী দিলে তেজৰ সোঁতালৈ এটা
ই নোৰাড্রেনেলাইন বা
বা নোৰেপিনেট্রাইন মুকলি কৰি
এটা হৰমোন সম্বন্ধীয় চাপৰ সহাঁৰি দিয়ে৷
নৱজাত আৰু বয়সস্থলোকে বিয়পি
পৰা কার্য-পদ্ধতিলৈ এটা একেধৰনৰ
সাহাঁৰি প্রদর্শন কৰে৷
|
| নিশ্বাস - প্রশ্বাস পদ্ধতিত
শ্বসনীয় গছ জোপা এতিয়া প্রায় সম্পূর্ণ হ'ল৷
|
| ভার্মিক্স কাচিওচা নামৰ
এটা সংৰক্ষক বস্তৱে এতিয়া
গর্ভস্থ ভ্রুণক ৰক্ষা কৰে৷
ভার্মিক্সে গর্ভঝিল্লি সম্বন্ধীয়
তৰল পদার্থৰ প্রদাহযুক্ত ফলৰ পৰা
ছালক ৰক্ষা কৰে৷
|
| ১৯ সপ্তাহৰ পৰা উশাহ লোৱা
কার্য-কলাপ আৰু হৃদয়ৰ স্পন্দন হাৰে
চার্কাডিয়ান অনুক্রম নামৰ
দৈনিক আবর্তন অনুসৰণ
কৰিবলৈ আৰম্ভ কৰে৷
|
Capítulo 42 6 a 7 Meses (24 a 28 Semanas): Reflexo Cócleo-Palpebral e de Sobressalto; Pupilas Respondem à Luz; Olfato e Paladar
|
| |
| ২০ সপ্তাহৰ ভিতৰত শ্রৱণ শক্তিৰ ইন্দ্রিয়
কর্ণকম্বুয়ে কাণৰ ভিতৰত
সম্পূর্ণৰুপে বিকশিত বয়স্ক আকাৰ ধাৰণ কৰে৷
এতিয়াৰ পৰা ভ্রুণে ধ্বনিৰ এটা
বৃদ্ধি হোৱা পৰিসৰক উত্তৰ দিব৷
|
| মূৰৰ ছালত চুলি গজিবলৈ আৰম্ভ কৰে৷
চুলিৰোম কূপ আৰু ৰস গ্রন্থিকে লৈ সকলো
ছাল তৰপ আৰু আকাৰ বিদ্যমান৷
|
| গর্ভৱতীকৰণৰ ২১-২২ দুসপ্তাহৰ ভিতৰত,
ফুচফুচে উশাহ লবলৈ কিছুমান ক্ষমতা পায়৷
ইয়াক বাচি থকাৰ সাধ্যতাৰ
বয়স বিবেচনা কৰা হয়
কাৰণ কিছুমান ভ্রুণৰ কাৰণে গর্ভৰ বাহিৰত
জীয়াই থকাটো সম্ভৱ হয়৷
মেডিকেল উন্নতিৰ এটা
সুদীর্ঘ উত্তৰাধিকাৰ সূত্রই
নির্দিষ্ট সময়ৰ আগতে জন্মহোৱা
কেচুৱাৰ জীৱনৰ বচাই ৰখা সম্ভৱ কৰিছে৷
|