| |
Desenvolvimento Embrionário: 4 a 6 Semanas
Capítulo 11 4 Semanas: Líquido Amniótico
|
| |
| ৪ সম্তাহ হওতে
পৰিষ্কাৰ এম্নিঅনে তৰল পদার্থৰে পূর্ণ মোনাৰ
ভিতৰত ভ্রূন আবৰি ধৰে।
এই এননিওটিক ফ্লুইড
নামৰ জীবাণুমুক্ত জুলীয়া পদার্থই
ভ্রূণক আঘাতৰ পৰা ৰক্ষা কৰাৰ ব্যবস্থা কৰে।
|
Capítulo 12 O Coração em Ação
|
| |
| বৈশিষ্ট্য অনুযায়ী হৃদয় মিনিটত
১১৩ বাৰ স্পন্দণ কৰে।
লক্ষ্য কৰিবলগীয়া কথা হৈছে
তেজ প্রতি কোঠালীত প্রবেশ কৰাৰ
ফলত হৃদয়ৰ ৰঙ কেনেকৈ সলনি হয়।
জন্মৰ আগতে হৃদয় প্রায়
৫৪০ লক্ষ্য বাৰ
আৰু এক ৮০ বছৰীয়া জীবন কালত
প্রায় ৩২০ কোটি বাৰ স্পন্দণ কৰে।
|
Capítulo 13 O Crescimento do Cérebro
|
| |
| পূর্বমস্তিষ্ক, মধ্যমস্তিষ্ক আৰু
পশ্চাদমস্তিষ্কৰ সলনি হৈ থকা আকৃতিৰ
দ্বাৰা মস্তিষ্কৰ
দ্রুত বিকাশ
প্রমানিত হয়।
|
Capítulo 14 Brotos dos Membros
|
| |
| ৪ সপ্তাহৰ পাচত অঙ্গ-প্রত্যঙ্গৰ
কলি হেন আবির্ভাবৰ লগতে
উর্ধ্ব আৰু নিম্ন অঙ্গ-প্রত্যঙ্গৰ
বিকাশ আৰম্ভ হয়।
|
| কেবল এক কোষপৰিমান ডাঠ হোৱাৰবাবে
এই সময়ত ছালখন দেখিবলৈ স্বচ্ছ।
ছালখন ডাঠ হৈ অহাৰ লগে-লগে,
ইয়াৰ স্বচ্ছতা লোপ পাবলৈ ধৰে,
যাৰ দ্বাৰা আমি ইয়াকে বুজিব পাৰো
য়ে এতিয়াৰ পৰা আমি শৰীৰৰ ভিতৰৰ
অঙ্গ-প্রত্যঙ্গৰ বিকাশ প্রায়
এমাহলৈহে মাথো দেখা পাম।
|
Capítulo 15 5 Semanas: Hemisférios Cerebrais
|
| |
| ৪ আৰু ৫ সপ্তাহৰ ভিতৰত,
মস্তিষ্কৰ বিকাশ দ্রুত গতিৰে হৈ থাকে
আৰু ৫ টা স্বতন্ত্র ভাগত বিভক্ত হয়।
ভ্রণৰ প্রায় ১/৩ অংশৰ দ্বাৰা মূৰৰ গঠন হয়।
ক্রমান্বয়ে গুৰুমস্তিষ্কৰ গোলার্ধ প্রকট হৈ উঠে,
আৰু মস্তিষ্কৰ বৃহত্তম অঙ্গ ৰূপে পৰিগণিত হয়।
অৱশেষত গুৰুমস্তিষ্কৰ দ্বাৰা নিয়ন্ত্রিত
হোৱাবিভিন্ন কার্য্যবোৰ হল
বিচাৰবুদ্ধি, শিক্ষা,
স্মৃতি, বাকশক্তি, দৃষ্টি,
শ্রবণ, স্বেচ্ছাকৃত চলন,
আৰু সমস্য-সমাধান।
|
Capítulo 16 Vias Respiratórias Principais
|
| |
| শ্বাস-নিশ্বাস প্রণালীতে,
সৌঁ আৰু বাও হাতৰ প্রধান
দণ্ডকায়শ্বাস-নলীদ্বয়থাকে
আৰু কালক্রমে ই
ট্রেচিয়া অথবা শ্বাসনলী,
হাঁওফাঁওৰ লগত সংযুক্ত কৰিব।
|
Capítulo 17 Fígado e Rins
|
| |
| বিৰাট যকৃতে পেটক পৰিপূর্ণ কৰাটা লক্ষ্য কৰক
বৃহত্ যকৃত্খন লক্ষ্য কৰক।
৫ সপ্তাহৰ ভিতৰত স্থায়ী মূত্রাধাৰ প্রকট হয়।
|
Capítulo 18 Saco Vitelino e Células Germinativas
|
| |
| জীবাণু কোষ নামৰ আগতীয়া
পুনৰূত্পাদী কোষবোৰ কুহুম
মোনাত অন্তর্ভুক্ত হয়।
৫ সপ্তাহৰ ভিতৰত
এই জীবাণু কোষবোৰ
মূত্রাশয়ৰ কাষত থকা পুনৰুত্পাদী
অঙ্গবোৰলৈ প্রব্রজন কৰে।
|
Capítulo 19 Placas da Mão e Cartilagem
|
| |
| ৫ সপ্তাহৰ ভিতৰতে,
ভ্রূণে হাতৰ ফলিবোৰ বিকাশ কৰে
আৰু ৫ ১/২ সপ্তাহৰ ভিতৰত
কোমলাস্থিবোৰৰো গঠন আৰম্ভ হয়।
ইয়াত আমি ৫ আৰু ৬ সপ্তাহৰ
পাচৰ বাঁও হাতৰ ফলি
আৰু হাতৰ সৰু গাঁঠি দেখিবলৈ পাইছোঁ।
|