| |
Desenvolvimento Embrionário: 6 a 8 Semanas
Capítulo 20 6 Semanas: Movimento e Sensação
|
| |
| ৬ সপ্তাহৰ ভিতৰত গুৰুমস্তিষ্কৰ
গোলার্ধ মস্তিষ্কৰ আন অঙ্গৰ
তুলনাত অসমানুপাতিক ভাবে বৃদ্ধি হবলৈ ধৰে।
ভ্রূণে স্বত:ফূর্ত আৰু অনৈচ্ছিক ভাবে
চলাচল কৰিবলৈ আৰম্ভ কৰে।
এনে ধৰণৰ চলাচল স্নায়ু-পেশীৰ স্বাভাবিক
বিকাশৰ বাবে আবশ্যক।
|
| মুখমণ্ডলত স্পর্শ কৰিলে ভ্রূণে
আপোনাআপুনি মূৰটো কোঁচ খুৱাই দিয়ে।
|
Capítulo 21 A Orelha Externa e a Formação de Célula Sanguínea
|
| |
| বাহ্যিক কানে আকাৰ
লাভ কৰিবলৈ আৰম্ভ কৰে।
|
| ৬ সপ্তাহৰ ভিতৰত, যকৃত্ৰ ভিতৰত
তেজৰ কণিকাবোৰ গঠন হবলৈ ধৰে
যত এতিয়া লিম্ফোচাইটবোৰে স্থান লাভ কৰে।
এনে ধৰণৰ শুভ্র ৰক্ত কণিকা অসংক্রাম্য
পদ্ধতি বিকাশ হোৱাৰ এক মূল উপাদান।
|
Capítulo 22 O Diafragma e os Intestinos
|
| সাধাৰণতে ৬ সপ্তাহৰ ভিতৰতে
উশাহ লওতে ব্যবহাৰ হোৱা মুখ্য মাংসপেশী,
মধ্যচ্ছদাৰ গঠন হয়।
|
| অন্ত্রৰ এক অংশ সাময়িক ভাবে নাভী সংলগ্ন
নাড়ীয়েদি বাহিৰলৈ ওলাই আহে।
ফিজিওলজিক হেমিয়েশ্বন নামৰ প্রক্রিয়ায়
তলপেটৰ ভিতৰত অন্য
বিকাশমুখী অঙ্গসমুহৰ বাবে ঠাই উলিয়ায় দিয়ে।
|
Capítulo 23 Placas da Mão e Ondas Cerebrais
|
| |
| ৬ সপ্তাহৰ অন্তত হাতৰ ফলিবোৰে
এক অস্পষ্ট চেপেটা অঙ্গ বিকাশ কৰে।
|
| ৬ সপ্তাহ আৰু ২ দিনৰ পাচতেই
মস্তিষ্ক তৰঙ্গ ৰেকর্ড কৰিব পৰা গৈছে।
|
Capítulo 24 Formação do Mamilo
|
| |
| বুকুৰ সন্মুখত অবস্থান গ্রহণ কৰাৰ
আগতেই শৰীৰৰ কাষত
স্তনবৃন্ত প্রকট হৈ
ওলায় আহে।
|
Capítulo 25 Desenvolvimento dos Membros
|
| |
| ৬ ১/২ সপ্তাহতেই কিলাকুটী
পৰিষ্কাৰকৈ দেখা পোৱা যায়,
আঙুলিবোৰ পৃথক হয়,
আৰু হাতৰ চলাচল দেখা যায়।
|
| ডিঙিৰ হাড় বা ক্লাভিকল আৰু
ওপৰৰ আৰু তলৰ হনুৰ হাড়ৰ
ভিতৰত হাড়ৰ গঠন বা
অচ্চিফিকেশ্বন আৰম্ভ হয়।
|
Capítulo 26 7 Semanas: Soluços e Resposta a Susto
|
| |
| ৭ সপ্তাহৰ পাচতে হিঁকতি অহা দেখা গৈছে।
আকস্মিক সঁহাৰিৰে সৈতে
ভৰিৰ চলাচল এতিয়া দেখিব লৈ পোৱা যায়।
|
Capítulo 27 O Coração Desenvolvido
|
| |
| ৪-কোঠালিৰ হৃদয়খন প্রায় সম্পূর্ণকৈ গঠন হৈছে।
এতিয়া হৃদয়ে প্রতি মিনিটত গড়ে
১৬৭ বাৰ স্পন্দন কৰে।
৭ ১/২ সপ্তাহত ৰেকর্ড হোৱা
হৃদয়ৰ বৈদ্যুতিক কার্য্যকলাপে
প্রাপ্তবয়স্কৰ দৰে তৰঙ্গৰ আর্হি দেখুৱায়।
|
Capítulo 28 Ovários e Olhos
|
| |
| স্ত্রীলিঙ্গৰ ক্ষেত্রত, ডিম্বাশয়
7 সপ্তাহতে চিনাক্ত কৰিব পাৰি।
|
| ৭ ১/২ সপ্তাহত, ৰঙ বোলোৱা চকুৰ অক্ষিপট
সহজতে দেখা পোৱা যায় আৰু চকুৰ পতাৰ
দ্রুত বিকাশ হবলৈ আৰম্ভ কৰে।
|
Capítulo 29 Dedos das Mãos e dos Pés
|
| |
| আঙুলিবোৰ পৃথক
আৰু ভৰিৰ আঙুলিবোৰ গুজিতহে
লগ লাগি থাকে।
|
| এতিয়া ভৰি দুটাৰ দৰে হাত দুটাও
একেলগ হব পাৰে।
আঁঠুৰ গাঁঠিও গঠন হয়।
|