| |
Um Embrião de 8 Semanas
Capítulo 30 8 Semanas: Desenvolvimento do Cérebro
|
| |
| ৮ সপ্তাহৰ অন্তত মস্তিষ্কই
অতিকৈ বিকাশ লাভ কৰে
ইয়াৰ ওজন ভ্রূণৰ সম্পূর্ণ ওজনৰ
প্রায় আধা মানেই হয়গৈ।
বিকাশৰ হাৰ অসাধাৰণ ভাবে বৃদ্ধি হয়।
|
Capítulo 31 Característica de Destro e Canhoto
|
| |
| ৮ সপ্তাহত ভ্রূণৰ ৭৫% অংশই
সোঁ-হাতৰ প্রাধান্য প্রদর্শন কৰে।
বাকী অংশ সমান ভাবে বাও-হাতৰ প্রাধান্য
আৰু কোনো অগ্রাধিকাৰ নথকাৰ মাজত বিভক্ত হয়।
এয়ে হৈছে সোঁ হাত আৰু বাও হাতৰ আচৰণৰ
আটাইতকৈ আগতীয়াকৈ পোৱা প্রমাণ।
|
Capítulo 32 Virar
|
| |
| শিশুৰোগ চিকিত্সাসংক্রান্ত পাঠ্যপুথিবোৰত
জন্ম হোৱাৰ ১০-ৰ পৰা ২০ সপ্তাহৰ
পাচত "বাগৰ মৰা" ক্ষমতা দেখা
যায় বুলি বর্ণনা কৰা হৈছে।
কিন্তু, এই আকর্ষনীয় সমন্বয়
এমনিওটিক মোনাৰ তৰল পদার্থ পূর্ণ
নিম্ন মাধ্যাকর্ষণ শক্তিৰ পৰিবেশত
বহু আগতেই দেখা যায়।
কেবল জৰায়ুৰ বাহিৰত থকা
উচ্চ মাধ্যাকর্ষণ শক্তিক
অতিক্রম কৰিবলৈ আৱশ্যক
হোৱা শক্তি নথকা বাবেহে
নবজাতকে চকাচুৱাই বাগৰ মাৰিব নোৱাৰে।
|
| এই সময়চোৱাত ভ্রূণ শাৰীৰিক ভাবে আগতকৈ
বেচি সক্রিয় হৈ উঠে।
চলাচলবোৰ ধীৰ বা দ্রুত,
এক বা বাৰংবাৰ,
স্বত:স্ফূর্ত বা আত্মপ্রত্যাবর্ত্তনশীল হব পাৰে।
মূৰৰ আবর্তন, ডিঙিৰ বৃদ্ধি,
আৰু হাতৰ লগত মুখৰ সম্পর্ক
বেচি সঘনাই হবলৈ ধৰে।
|
| ভ্রূণক চুলে চকু কেঁৰা কৰা,
থুতৰি লৰাচৰা হোৱা,
থপিউৱা ভঙ্গি কৰা আৰু
ভৰিৰ আঙুলিৰে ইঙ্গিত কৰা আদি ঘটে।
|
Capítulo 33 Fusão da Pálpebra
|
| |
| ৭ আৰু ৮ সপ্তাহৰ ভিতৰত
ওপৰৰ আৰু তলৰ চকুৰ পতা
চকুৰ ওপৰত বিকাশ হবলৈ ধৰে
আৰু আংশিক ভাবে লগ লাগি যায়।
|
Capítulo 34 Movimento de Respiração e Micção
|
| |
| যদিও জড়ায়ুৰ ভিতৰত বায়ু নাই,
৮ সপ্তাহত ভ্রূণে মাজে মাজে
উশাহ লোৱাৰ ভঙ্গি প্রদর্শনকৰে।
|
| এই সময়তে, মুত্রাশয়ে পেচাব
উত্পাদন কৰিবলৈ লয়
যি এমনাওটিক তৰললৈ নির্গত হয়।
পুৰুষ ভ্রণত বিকশিত পতীক্ষাবোৰে
টেষ্ট'ষ্টাৰোন উত্পাদন আৰু বন্ধ মুক্ত
কৰিবলৈ আৰম্ভ কৰে৷
|
Capítulo 35 8 a 9 Meses (32 a 36 Semanas): Formação dos Alvéolos, Segurar com Força, Preferências de Gosto
|
| |
| অঙ্গপ্রত্যঙ্গৰ হাড়, গাঁঠি, আঁহপাহ
আৰু ৰক্ত বাহিকাবোৰ
প্রাপ্ত বয়স্কলোকৰ ওচৰত
নিবিড়ভাবে একে যেন লাগে৷
8 সপ্তাহমানৰ ভিতৰত মাখিছাল বা বাহিৰৰ
ছাল তাৰ স্বচ্ছতা হেৰুৱাই বহু-তৰপীয়া
চর্মপ্রদ হৈ পৰে৷
মুখমণ্ডলৰ চাৰিওপিনে চুলি গজিলে
চকুচেলাউৰি বৃদ্ধি হয়৷
|
Capítulo 36 Resumo das Primeiras 8 Semanas
|
| |
| আঁঠ সপ্তাহত ভ্রুণ সম্বন্ধীয় কাল সমাপ্ত হয়৷
এই সময়ত মানুহৰ ভ্রুণ
এটা একক জীৱকোষ
প্রায় ১ কোটি জীৱকোষলৈ
বৃদ্ধি হয় যি ৪,০০০
দেহতাত্ত্বিক আকাৰ গঠন কৰে৷
এতিয়া ভ্রুণটোৱে
প্রাপ্ত বয়স্কমানুহৰ গাত থকা আকাৰৰ
৯০% তকৈ অধিক দখল কৰে৷
|